offer

Friday, August 25, 2017

মহৎ লোকৰ  বাণী



১. তোমাৰ লক্ষ্য স্থান ক’ত? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব৷ ----- লিটন
২. শিক্ষাই জীৱন, জীৱনেই শিক্ষা৷ ----- লজ
৩. নিজক সদায় আনন্দত ৰাখিবা৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয়৷ ----- ওমাৰ্চন
৪. যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই৷ --- বেঞ্জামিন ফ্ৰেংকলিন
৫. আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা৷ ---- চক্ৰেটিচ
৬. মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে ---- জৱাহৰলাল নেহৰু
৭. আমি যি জানো সি অতি সামান্য৷ আমি যি নাজানো তাৰ সীমা নাই৷ ---- পাৰলেচ
৮. কোনোৱে তোমাক সহায় কৰিব নোৱাৰে৷ নিজেই নিজৰ সহায় লোৱা ৷ ---- বুদ্ধদেৱ
৯. এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চিবিৰ নিচিনা৷ ব্যৱহাৰ নকৰা চিবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয়৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়, শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা৷ ---- ৰিচাৰ্ড৷
১০. সময়েই ধন৷ --- বেঞ্জামিন ফ্ৰেঙ্কলিন৷
১১. খং নকৰিবা নিজৰে সৰ্বনাশ হ'ব৷ অহংকাৰ নকৰিবা পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা৷ ---- বিবেকানন্দ ৷
১২. আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা৷ ---- হজৰত মহম্মদ ৷
১৪. পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত৷ --- পিয়েৰ টেলহাৰ্ড
১৫. সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা -- তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে৷ --- ডেভিদ ফ্ৰষ্ট ৷
১৬. এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে ---- ডেল কাৰ্নেগী৷
১৭. উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয়৷ --- মেথিউ
১৮. প্ৰেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি৷ --- ডি এইছ লৰেঞ্চ
১৯. কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে৷ ---- বেইলী
২০. যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই৷ --- এৰিষ্ট'টল৷
২১. নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা৷ --- বেঞ্জামিন ফ্ৰেংকলিন৷
২২ . এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই৷ ... সচাঁকৈয়ে! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ? --- এমাৰ্চন৷
২৩. নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে --- থমাছ কাৰ্লাইল৷
২৪. মানুহৰ মন সদায় একে ঠাইতেই থাকে৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে৷ --- কবি জন মিল্টন৷
২৫. স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দ'ৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম৷ ... অতীত যিয়েই নহওঁক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে৷ --- আমেৰিকাৰ মহান ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন৷
২৬. জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে৷ --- নেপোলেয়ঁ বোনাপাৰ্ট৷
২৭. প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে, আকৌ এচাম মানুহ আছে, যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে৷ --- উইলিয়াম এ ৱাৰ্ড৷
২৮. মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন৷ --- প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো৷
২৯. প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই বৰ মধুৰ৷ --- উইলিয়াম শ্বেইক্সপীয়েৰস৷
৩০. তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা৷ সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত৷ --- ফ্ৰান্সিছ থমছন৷
৩১. মই মাথোঁ জ্ঞানৰ অনুৰাগী৷ জ্ঞানৰ বৃত্তিধাৰী মই নহয়৷ সচাঁ কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদক অনুশীলনকাৰীহে৷ যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে, বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বত:সিদ্ধ বিষয়ত, তেতিয়াই দৰ্শনে পাতনি মেলে৷ --- গ্ৰীচৰ মহান দাৰ্শনিক ছক্ৰেটিছ৷
৩২. সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে৷ --- অভিনয় শিল্পী মৰিচ চেভালিয়া৷
৩৩. জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ৷ --- এমাৰছন৷
৩৪. প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা৷ --- মাৰ্গাৰেট বুনেন৷
৩৫. জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা৷ --- জুলিয়েট বেষ্টিয়েনা৷
৩৬. জীৱনটো এক মহৎ উপহাৰ৷ যিসকলে জীৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত৷ --- ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ৷
৩৭. তুমি ভালেই কৰা বা বেয়াই কৰা মানুহে তোমাক সমালোচনা কৰিবই৷ সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি? --- নেপ'লিয়ান বোনাপাৰ্টি৷
৩৮. ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰে৷ --- জন ষ্টুৱাৰ্ট মিল৷
৩৯. সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা, যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে৷ --- মহাত্মা গান্ধী৷
৪০. সৰু বুলি কাকো অৱহেলা নকৰিবা৷ তুমি সৰু বুলি উলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে৷ --- গ্যেটে৷
৪১. বহু কথা জনা জনকেই জ্ঞানী বুলি নকয়৷ জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনহে জ্ঞানী৷ --- লেনিন৷
৪২. জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি, আদৰ্শ জীপাল হৈ থকাতোহে৷ কাল বলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথোঁ সুকৰ্মৰাজিৰ দ্বাৰাহে৷ --- লিঅ'টলষ্টয়৷
৪৩. আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য৷ সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ'ল উৎস৷ --- এলবাৰ্ট আইনষ্টাইন৷
৪৪. মই মোৰ নিজৰ বাবে আত্মবিশ্বাস, শক্তি আৰু ক্ষমতা বিচাৰি সদায় বাহিৰলৈ চাওঁ৷ ভাবো অন্য কোনোবাই নহ’লেও উদাৰ এই প্ৰকৃতি বা ঈশ্বৰে সেয়া দিব৷ …কিন্তু শেষত দেখো যে সেইবোৰ অফুৰন্তভাবে ওলাই আহে মোৰ মন আৰু হৃদয়ৰ নিভৃততম কোণৰ পৰা৷ ---- আন্না ফ্ৰয়েড৷
৪৫. কাকো প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা৷ সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্ত্তী হৈ এনে কোনোধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ’বলগা হয়৷ মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিয়ো সন্তানক ৰক্ষা কৰে, সেই মমতা আৰু কৰুণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা৷
তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা, দ্বেষহীন সহানুভূতি, প্ৰেম তথা কৰুণা৷ ---- গৌতম বুদ্ধ৷
৪৬. যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা৷ কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা৷ --- স্বামী বিবেকানন্দ৷
৪৭. প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে৷ --- ৰবীন্দ্ৰনাথ ঠাকুৰ৷
৪৮. কৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে৷ ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি৷ --- এইছ জি ৱেইলছ৷
৪৯. কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ঙ্কৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে – আলস্য, বদ অভ্যাস আৰু অভাৱ৷ --- ফৰাচী দাৰ্শনিক ভল্টেয়াৰ৷
৫০. আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ স’তে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই৷ --- মাৰ্টিন লুথাৰ৷
৫১. আন কিবা কৰিছেনে নাই সেই লৈ মূৰ ঘমোৱাতকৈ আমি নিজে কি কৰিছো সেইটোহে ভবা বেছি প্ৰয়োজন৷ প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ’লেই দহৰ তথা দেশৰ সেৱা কৰা হ’ব৷ --- ৰাজা ৰামমোহন ৰায়৷
৫২. প্ৰেম তেওঁৰ স’তে কৰিবা যাক তুমি ভালপোৱা৷ কিন্তু বিবাহত তেওঁৰ স’তেহে বহিবা, যিয়ে তোমাক ভালপায়৷ --- আৰবীয় প্ৰবাদ৷
৫৩. ইচ্ছাশক্তি প্ৰৱল হ’লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে৷ --- মেকিয়াভেলে৷
৫৪. অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাটোতকৈ অৰ্থহীন কথা আৰু একো নাই৷ কাৰণ তাৰ পৰা আমি হেৰুৱাও আমাৰ বৰ্তমানক৷ --- উইনষ্টন চাৰ্চিল৷
৫৫. মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম৷ --- নেতাজী সুভাষ চন্দ্ৰ বসু৷
৫৬. আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই৷ --- জ্যোতি প্ৰসাদ আগৰৱালা৷
৫৭. গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে৷ --- ভূপেন হাজৰিকা৷
৫৮. ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ৷ --- স্বামী বিবেকানন্দ ৷
৫৯. কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব৷ হতাশ নহ’ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব৷ --- বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্ক৷
৬০. আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপোন৷ ভালেই হওক, বেয়াই হওক নিজৰ বাগিচাৰ পৰিচাৰ্যা আপুনি নিজেই কৰিব লাগিব৷ সুন্দৰ হওঁক বা অসুন্দৰেই হওঁক আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব৷ --- ডেল কাৰ্ণেগী৷
৬১. যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই ৷ --- মণ্টেইন৷
৬২. সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে৷ সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ৷ কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ’ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা৷ --- মহান ফুটবলাৰ পেলে৷
৬৩. ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে৷ --- উইলিয়াম শ্বেইক্সপীয়েৰ৷
৬৪. এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে৷ তাৰ প্ৰকৃত কাৰণ হ’ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে৷ --- ঋকবেদ৷
৬৫. যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায়৷ অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয়৷ --- লৰ্ড চেষ্টাৰফিল্ড৷
৬৬. কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা৷ বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা আৰু নি:শেষ কৰা৷ --- ড০ এ পি জে আব্দুল কালাম৷

No comments:

Post a Comment

Future Post